Skip to main content

Posts

Featured

ভালপোৱাৰ সংজ্ঞা

 মানুহটো তেনেই সহজ সৰল, আপোনভোলা। কব পাৰি নাকৰ পোনে পোনে গৈ থকা মানুহ। চৰকাৰী বিভাগ এটাৰ অস্হায়ী চকীদাৰ সি। ঘৰখন আৰু চাকৰিটোৰ বাদে আন একোকে চিনি নাপায়।  মানুহজনীয়েই সংসাৰখনৰ সব জোৰা মাৰে। মাহেকৰ মূৰত দৰমহাৰ টকাকেইটা নি মানুহজনীৰ হাতত তুলি দিব পাৰিলেই সি স্বৰ্গসুখ পোৱাদি পায়। কেনেবাকৈ দুদিনমান দেৰি হ'লেই তাৰ ইচাট বিচাট লাগে। কেনেকৈ চলাব ঘৰখন মানুহজনীয়ে। নাই একো নকয় তাক মানুহজনীয়ে। ৰাংঢালী মানুহজনীয়ে শহুৰ শাহু লৰা ছোৱালীৰ সকলো জঞ্জাল সামৰে মুখত এটা হাঁহি লৈ। পঞ্চলিছৰ দেওনা দেও দিবলৈ ওলোৱা মানুহজনীৰ মুখৰ হাহিঁটোৱেই তাৰ বাবে সকলো।           কিন্তু আজি দুদিনমানৰ পৰা মানুহজনী যেন অলপ গহীন । অলপ খিঙখিঙীয়া হোৱা যেনো লাগিছে তাৰ। সি ভাবি পাৰ পোৱা নাই কত কি হৈছে। অফিচটোৰ গাতে লাগি থকা বৰপুখুৰীটোৰ পাৰৰ ৰেলিঙ ডালতে ধৰি সি ভাবি থাকিল মানুহজনীৰ কথা।            এখন বাইকৰ বিকট শব্দত সি বাস্তবলৈ ঘূৰি আহিল। অথনিৰে পৰা পুখুৰীটোৰ পাৰৰ বেঞ্চবোৰৰত বহি থকা লৰাছোৱালীবোৰৰ মাজৰে এটা লৰা ভোঁ ভোঁৱাই গুচি গ'ল লগত বহি থকা ছোৱালীজনীক এৰি। সি দেখিলে হাতত লৈ থকা তেজৰঙা গোলাপৰ থোপাটো দলিয়াই ছোৱালী

Latest Posts

Assamese Story