Assamese Story

পথৰুৱা হাঁহি।

              সেউজীয়া পথাৰখনত তেতিয়াও বগলীয়ে বুটা বাচি থৈছিল। সতেজ সেউজীয়াবোৰ খচকি তাই আগলৈ গৈ আছিল।  জোপ লৈ থকা দুই এটা বগলী তাইক দেখি উৰি গৈ দূৰত বহিছিলগৈ। এহাতত জলপানৰ টোপোলাটো আৰু আনখন হাতত পানীৰ জগটো লৈ গৈ থাকোতে তাই চাই গৈছিল কোন ডৰা পথাৰত কিমান মাছে খলখলাই আছে। নতুবা চেচুৰ আৰু কেহেৰু গছে কত মূৰ দাঙি আছে। এনেদৰে গৈ থাকোতে কেতিয়াবা পথৰুৱা আলিৰ দাঁতিত ভুমুকি মৰা গৰৈ চিৰিকা ধৰিবলৈ গৈ লুটি খাই পৰাৰ উদাহৰণো নোহোৱা নহয়। পিন্ধি যোৱা ফ্ৰকটোত যদি বোকাই নালাগে, আঠুলৈকে যদি বোকাৰ মোজা নিপিন্ধে তেন্তে পথাৰলৈ যোৱাৰ আমেজেই বা কি!
                সৰু সৰু আলি বোৰেৰে খোপনি পুতি গৈ গৈ তাই নিৰ্দিষ্ঠ ঠাইত উপস্থিত হৈছিলগৈ। চাৰি পাচঁটা মানুহৰ কাৰণে জলপানৰ টোপোলা দাঙি তাইৰ হাত টনটনাই গৈছিল ইতিমধ্যে। পথাৰৰ কাষৰ সমান ঠাইখনত হালোৱা কেইজনে পাত পাৰিছিল। বেচিকৈ অনা কলপাতকেইখনৰ এখন হাতত লৈ এজনে তাইক সুধিছিল " তয়ো কেইটামান খাবি নেকি?" মুৰ জোকাৰি তাই সন্মতি জনাইছিল। মুখ খুলিনো তাই কেনেকৈ কয় যে এই সাঁজ ভাতৰ আশাতে তাই "মতা চাইকেল" চলাই জলপান দিবলৈ আহিছে।
                  ভৰাঁলৰ চালত লগা কোমোৰা, বাৰীত বগোৱা ৰঙালাউৰ একো টুকুৰাৰ লগত দুটা আলুগুটিৰে ৰন্ধা আঞ্জাখন তাইৰ বাবে আছিল অতি হেপাঁহৰ। হালোৱা ৰোৱনীৰ বাবে তেতিয়া তাই তাতকৈ উত্তম আহাৰ ৰন্ধা কোনো দিনেই দেখা নাছিল। কিন্তু মাছ মাংসই জিভাৰ পানী পেলাব নোৱাৰিলেও এইখন আঞ্জাই শৈশৱ আনকি কৈশোৰতো তাইৰ লেলাৱতি উলিয়াইছিল। "ভাত দুটামান বেচিকৈ দিবি মা, হালোৱা মানুহে বহুত খাব পাৰে"। মাকৰ ওঁঠেৰে নিৰৱ হাঁহি এটা বাগৰি গৈছিল। দুহেতা ভাত আৰু এখন কলপাত টোপোলাটোত মাকে সদায় বেচিকৈ দিছিল।
                  মোটা চাউলৰ ভাত আৰু আঞ্জাৰে নিজক গহীন কৰি এইবাৰ তাই হাল বাই থোৱা পথাৰখনলৈ নামি গৈছিল। বগী ধকে ধকী চেনি পুঠি দুজনী দুহাতে ধৰি তাইৰ যুদ্ধ জয় কৰা যেন লাগিছিল। তাইৰ হেপাঁহ দেখি হালবাই যাওঁতে ভৰিত খুন্দিয়াই যোৱা মাছবোৰ ধৰি গোটাই থোৱাৰ পৰা একাঁজলি মাছ তাইক ভাত লৈ অহা চৰিয়াটোত ভৰাই দিছিল। "যাগৈ যা, নহলে স্কুললৈ দেৰি হ'ব তোৰ।" তৃপ্তিৰ হাঁহিৰে তাই ঘৰ মুৱা হৈছিল। আহোতে তেতিয়াও মাছলৈ জোপ লৈ থকা বগলী আৰু কণামুচৰি কেইটাক টা টা বাই বাই কৈ আহিবলৈ কিন্তু তাই পাহৰা নাছিল।
                   "মতা চাইকেল"খনৰ হেন্দেলত  জলপানৰ টোপোলা ওলোমাই ঘৰমুৱা হওঁতে তাই চাই গৈছিল, তাইক কোনে কোনে দেখিছে বোকাৰে লেটি লৈ ঘূৰি অহা। তাৰ মাজতে তাইক কোনোবাই জোকাবলৈও এৰা নাছিল…"ঐ মতা কালৌ"  … "গগৈৰ বৰপুতেক"…………
                  তাইৰ কাণত একো সোমোৱা নাছিল। তৃপ্তি আৰু প্ৰাপ্তিৰ ভৰত ডুলি আছিল তাইৰ মন তেতিয়া……


 Website Source

Comments